বিজেপিলৈ গৌতম ৰয়

 03/13/2019 - 13:14

ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছত মোক্ষম আঘাত ৷ বৰাকৰ ৰজা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম ৰয় আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ অসমৰ প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে বিজেপিত যোগদান কৰাৰ লগতে শিলচৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

বৰ্তমানৰ কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱক পৰাস্ত কৰিবলৈ বিজেপিয়ে নিক্ষেপ কৰিব বৰাকৰ শক্তিশালী নেতাগৰাকীক। উল্লেখ্য যে, বহুদিনৰ পৰাই প্ৰ‍াক্তন মন্ত্রীগৰাকীৰ বিজেপিত যোগদান কৰাৰ যো-জা চলি আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।