ওদালগুৰিত বন্যহস্তীৰ কৰুণ মৃত্যু ,কাটি লৈ গ'ল মৃত হাতীৰ শুঁৰৰ অংশ

 06/03/2019 - 12:48

হৰিশিঙাঃ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত হাতী মানুহৰ সংঘাতে চৰম ৰূপ লৈছে। বন্যহস্তীৰ আক্ৰমনত ২০১৯ বৰ্ষত প্ৰায় ৮ জন লোকে প্ৰাণ হেৰুৱাৱ লগীয়া হৈছে। ২ জুনৰ নিশা ওদালগুৰি জিলাৰ ৫ নং ভূটীয়াচাংত বন্যহস্তীৰ আক্ৰমনৰ পৰা হাত সাৰিবলৈ সংযোগ কৰা বিদ্যুৎ তাঁৰত লাগি এটি বন্যহস্তীৰ মৃত্যু হয়।

অচিনাক্ত ৰ্দুবৃত্তই নিশাৰ সুযোগ লৈ অন্ধবিশ্বাসৰ বলি হৈ মৃত হাতীৰ শুঁৰৰ এটি অংশ কাটি লৈ যায়। আজি পুৱা বন বিভাগৰ লোক উপস্থিত হৈ সকলো কথাৰ অৱগত হয়। ঘটনাস্থলীত ওদালগুৰি জিলা আছাৰ উপ সভাপতি ৰবীন্দ্ৰ গোৱালা উপস্থিত হৈ বন্যহস্তীৰ কৰুণ মৃত্যুত শোক প্ৰকাশ কৰে।

ওদালগুৰি জিলাত হাতী মানুহৰ সংঘাতৰ ফলত বছৰ বছৰ ধৰি বহু লোক তথা বন্যহস্তীয়ে মৃত্যুক সাৱতি লবলগীয়া হৈছে। বনবিভাগ তথা চৰকাৰক বিশেষ ব্যৱস্থা ল’বলৈ আহ্বান জনালে নেতাগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।