জামুগুৰিহাটত ৰে’লৰ খুন্দাত এজনৰ মৃত্যু

 10/19/2021 - 13:09
 
 
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়াত ৰে’লৰ খুন্দাত এজনৰ ব্যক্তিৰ মৃত্যু হৈছে। নিশাৰ ভাগত চলা ৰে’লৰ খুন্দাত মৃত্যু হোৱা লোকজন হৈছে ধলাইবিলৰ বৰমতা গাঁৱৰ বিনদ কৰ্মকাৰ।
 
ৰে’লৰ খুন্দাত চিন্নভিন্ন হৈ যোৱা ব্যক্তিজনৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি জামুগুৰি আৰক্ষীৰ লগতে ৰে’ল আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত বৰ্তমান জামুগুৰি আৰক্ষী উপস্থিত হৈ ব্যক্তিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ প্ৰস্তুতি চলাইছে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।