আজিৰে পৰা খোল খালে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ

 10/19/2021 - 13:33
 
 
মাজুলীঃ ক’ভিডৰ বাবে ৰাজ্য চৰকাৰে বান্ধি দিয়া সকলো নীতি-নিয়ম মানি আজিৰ পৰা পুনৰ খোল খাইছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ৷ ক'ভিড মহামাৰীৰ ভয়াবহতাৰ বাবে যোৱা কেইবামাহো ধৰি বন্ধ হৈ আছিল এই শিক্ষানুষ্ঠানসমূহ। পাঠদান কৰিবৰ বাবে বিদ্যালয় সমূহৰ প্ৰতিটো কোঠা, বিদ্যালয় সমূহৰ সকলো ঠাই সুন্দৰকৈ পৰিস্কাৰ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।
 
ইফালে বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে বিদ্যালয়খনৰ প্ৰতিজন ছাত্ৰ আৰু প্রতিগৰাকীয়ে ছাত্ৰী, সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে ক'ভিডৰ সকলো নীতি-নিয়ম মানি চলিব লাগিব।
 
সামাজিক দূৰত্ব বতাই ৰাখিব লাগিব, মুখত মাস্ক ব্যৱহাৰ কৰাতো বাধ্যতামূলক প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক, শিক্ষয়িত্ৰীয়ে। ক'ভিড মহামাৰীৰ বাবে মাহৰ পাছত মাহ বন্ধ হৈ আছে ৰাজ্যৰ বিদ্যালয়সমূহ যাৰ কাৰণে যথেষ্ট অসুবিধা আৰু লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ। ক্রমাৎ ৰাজ্যখনলৈ এটা সুস্থিৰ পৰিৱেশ ঘূৰি আহিছে, এতিয়া সকলোৰে এটাই আশা সোনকালে ঘূৰি আহক আগৰ অৱস্থালৈ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।