চল্লিশ টকা দৰমহাৰে চাকৰি জীৱন আৰম্ভ কৰা অৱসৰপ্ৰাপ্ত শিক্ষক, বায়ন, শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ সমাজৰ গাঁওবুঢ়া সন্মানীয় পূৰ্ণ হাজৰিকাৰ দেহাৱসান

 10/19/2021 - 13:56
 
 
 
 
বিহালীঃ মানৰ আক্ৰমণতেই হওক কিম্বা অন্য কাৰণবশত ডিব্ৰুগড় জিলাৰ মৰিচা গাঁৱৰ পৰা লোহাই নামৰ লোক গৰাকী আহি ৰাংছালী গাঁৱত থিতাপি লৈ ক্ৰমশ বসবাস কৰিছিল। লোহাই ঔৰসত বিজু কৈৱৰ্ত নামৰ লোক গৰাকী জন্ম হৈছিল আৰু স্বৰ্গীয় বিজু কৈৱৰ্তৰে চাৰিজন সন্তানৰ ভিতৰত প্ৰথম সন্তানজন আছিল পূৰ্ণ হাজৰিকা। ১৯৩১ চনত জন্মগ্ৰহণ কৰা পূৰ্ণ হাজৰিকাই ১৮৭২ চনতে ৰাংছালী গাঁৱত প্ৰতিষ্ঠা লাভ কৰা বৰতলী প্ৰাথমিক বিদ্যালয়, বিহালীৰ মহেশ্বৰী প্ৰাথমিক বিদ্যালয়, বটিয়ামাৰী এম,ভি,স্কুল, বৰালীমৰা এল.পি স্কুলৰ লগতে বাঁহবাৰীৰ বিহালী হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ শিক্ষা গ্ৰহণ শেষ কৰি শিক্ষকতাৰ লগত জড়িত হৈ পৰে। প্ৰথম দৰমহা হিচাপে পাইছিল মাত্ৰ ৪০ টকা।
 
প্ৰথম বৰালীমৰাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি পৰৱৰ্তী সময়ত মহেশ্বৰীকে ধৰি বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰিছিল। শিক্ষক হিচাপে অসমীয়া ভাষাৰ বানানত বৰ গুৰুত্ব আৰোপ কৰিছিল পূৰ্ণ হাজৰিকাই। এবাৰ পৰিদৰ্শকৰ টোকাৰ শব্দত ৰঙাচিঁয়াহীৰে দাগ দিবলৈও কোণ্ঠাবোধ নকৰিছিল। পিছত পৰিদৰ্শকে সোধাত কৈছিল,"হয় ভূলকৈ লিখাৰ বাবে মই দাগ দিছোঁ। তেখেতে কেন্দ্ৰ সম্পাদক হৈ শিক্ষক সংগঠনক নেতৃত্ব দিছিল, বিহালী সমবায় সমিতিৰো সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলতেখেতে প্ৰায় ১৯৫৬ চনতে ৩২৫ টকা ১০ অনাত এখন চাইকেল কিনিছিল তেখেতে কিনা চাইকেল খন এতিয়াও সুন্দৰ হৈ আছে। পূৰ্ণ হাজৰিকা এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি হিচাপেও সুনাম আছিল। শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ সমাজৰ পাঠেকি, ধৰ্ম পাঠেকি, বিখ্যাত সবাহৰ উস্তাদ বায়ন হোৱাৰ ওপৰিও তেল গামোচা লোৱা এগৰাকী গাঁওবুঢ়া আছিল। 
 
 
সমগ্ৰ বিহালীৰে এগৰাকী সন্মানীয় বয়োজ্যেষ্ঠ নাগৰিক সেই পূৰ্ণ হাজৰিকা আজি আমাৰ মাজত নাই। ১৭ অক্টোবৰ তাৰিখে তেওঁ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্য সময়ত তেখেতৰ বয়স আছিল ৯৩ বছৰ ,পৰলোকলৈ গমন কৰা হাজৰিকাই এই সংসাৰত দুজন ভাতৃ, ৪ গৰাকী কন্যা, দুজন পুত্র, নাতি-নাতিনী আৰু বহু আত্মীয়ক এৰি থৈ যায়। আমাৰ সংবাদ মাধ্যমৰ তৰফৰ পৰাও বিহালী ৰাংছালী গাঁৱৰ এগৰাকী সন্মানীয় ব্যক্তি পূৰ্ণ হাজৰিকা দেৱৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।