বৰপেটাৰ খংৰাত চোৰৰ চাফাই অভিযানঃ সাত লক্ষাধিক টকাৰ সামগ্ৰী চুৰি

 10/19/2021 - 14:40
 
 
 
পূৱ বৰপেটাঃ বৰপেটা জিলাত অব্যাহত আছে চোৰৰ উপদ্ৰপ। আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ চোৰে চলাই গৈছে চুৰি কাৰ্য। কালি নিশাও বৰপেটাৰ খংৰাত চোৰে চলাই এক চাফাই অভিযান।
 
আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ খংৰাস্থিত এখন দোকানৰ পৰা সাত লাখ টকাৰ সামগ্ৰী লৈ যায় চোৰে।এইক্ষেত্ৰত দোকানৰ মালিকজনে তাৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। নিশা আঠ বজাৰ পাছত সংঘটিত এই ঘটনাৰ ফলত স্বাভাবিকতেই প্ৰশ্ন উঠিছে বৰপেটাৰ বিভিন্ন অঞ্চলত সঘনাই হৈ থকা চুৰি কাৰ্য কেতিয়া বন্ধ হ'ব? এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ ভূমিকা লক্ষণীয় হ'ব?
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।