ৰাজ্যৰ জলসিঞ্চন বিভাগৰ চৰম গাফিলতিৰ বাবে এজনৰ মৃত্যু

 10/19/2021 - 15:09
 
 
 
লক্ষীপুৰঃ অৱশেষত মৃত্যুক আকোঁৱালি ল’লে গোৱালপাৰাৰ জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত জলেশ্বৰৰ বন্যাগুৰি গাঁৱৰ কিশমত আলি নামৰ এজন লোকে। 
বিগত দুবছৰ পূর্বে জলেশ্বৰৰ বন্যাগুৰি গাঁৱৰ কেশমত আলী নামৰ ৩৫ বছৰীয়া এজন লোকে জলেশ্বৰ নিচিনপুৰ সংযোগী অসম্পূর্ণ মথাউৰিৰে ঘৰলৈ অহাৰ সময়ত মথাউৰিৰ এটা প্ৰকাণ্ড গাঁতত পৰি গৈ লোকজন ককাল আৰু ৰাজহাড় ডালত প্ৰচণ্ড আঘাতপ্ৰাপ্ত হৈছিল।
 
কিন্তু সেই সময়ত জলসম্পদ বিভাগৰ চতুৰ ঠিকাদাৰ জন, গোচৰৰ ভয়ত, আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ চিকিৎসাৰ বাবদ সম্পূর্ণ দায়িত্ব লৈছিল যদিও, সময় বাগৰাৰ লগতে নিজৰ দায়িত্ব বাগৰি যোৱা এই ঠিকাদাৰ জনৰ, চৰম গাফিলতিৰ বাবে চিকিৎসা অবিহনে তিল, তিলকৈ আজি মৃত্যুক আকোঁৱালি ললে এইগৰাকী কিশমত আলীয়ে।
 
উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰে পৰিয়ালৰ লোকৰ লগতে গয়া ৰাইজ। পৰিয়ালৰ একমাত্র উপাৰ্জন কাৰি কিশমত আলীৰ ন্যায় বাবে চৰকাৰক আবেদন স্থানীয় ৰাইজৰ। ইতিমধ্যে আৰক্ষীৰ নিৰ্দেশত লোকজনক মৰনোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰন কৰা হৈছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।