অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ

 10/19/2021 - 15:31
 
 
 
 
কামৰূপঃ বজাৰত জুই লাগিছে। হাহাকাৰ অৱস্থা সৰ্বসাধাৰণ ৰাইজৰ। বজাৰত গৈ মূৰে কপালে হাত দিছে সৰ্বসাধাৰণ ৰাইজে। আজি পশ্চিম বংশৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত লাহৰ শ্বহীদ বেদী চকত প্ৰতিবাদী কাৰ্যসূচী আছুৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত এইদৰে আছুৱে দাহ কৰিলে যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি।
 
ৰঞ্জিত দাস হায় হায় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ টেলি মূর্দাবাদ ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিলে পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই। অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধ কৰাৰ বাবে দাবী জনালে পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।