দীৰ্ঘদিনৰ বিৰতিৰ অন্তত ৰাজ্যত আজিৰে পৰা খোল খালে প্ৰাথমিক বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহ

 10/19/2021 - 15:36
 
 
ৰঙিয়াঃ সমান্তৰালভাৱে ৰঙিয়াৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। এইদৰে চৰকাৰী SOP মানি দুয়োখন বিদ্যালয়তে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকল বিদ্যালয়লৈ আহিছে। ক'ভিড-১৯ ৰ বাবে দুয়োখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে মাস্ক পৰিধান কৰি নিৰ্দিষ্ট দূৰত্ব বজাই শ্ৰেণীকোঠাত উপস্থিত থাকে। ইফালে ছাত্ৰ-ছাত্ৰীসকলেও বিদ্যালয়সমূহ খোলা দিয়াই আনন্দ ব্যক্ত কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।