বাঘবৰৰ বাঘমাৰা চৰত বিদ্যুত বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

 10/19/2021 - 16:39
 
 
 
নগৰবেৰাঃ নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী বাঘবৰ সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰত সংগটিত হৈছে এক আজব ঘটনা। জানিব পৰা মতে প্ৰায় এমাহ পূৰ্বে বিদ্যুত সংযোগ দিয়া কিছুমান ঘৰত মাত্ৰ এটা বাল্ব আৰু আৰু এখন ফেন চলোৱাৰ পাছতো মাহেকত ১৪০০ ৰ পৰা ১৬০০ টকালৈকে আহিছে বিদ্যুতৰ বিল 
আনকি একাংশ ঘৰত ৩/৪ দিন আগতে বিদ্যুত সংযোগ দিয়েই তেওঁলোকৰ বিদ্যুত বিল ১৪০০/১৬০০ টকালৈকে ইচ্যু কৰাত আচৰিত হৈ পৰিছে বিদ্যুত গ্ৰাহকসকল।
 
 
কিছুমান ঘৰত আকৌ বিদ্যুত সংযোগ কৰাই নাই তৎস্বত্বেও ১৩০০ টকাৰ পৰা ১৫০০ টকালৈকে বিদ্যুত বিলৰ ৰিছিপ্ট দিয়াত  আচৰিত হৈ পৰিছে বিদ্যুত গ্ৰাহকে।বিদ্যুতৰ সংযোগ লাভ কৰা ঠিকাদাৰ জনে খুটাবোৰত পিন বস্ক লগোৱাই নাই আনকি আৰথিংৰো ব্যৱস্থা পৰ্যন্তও কৰা নাই, তাঁৰৰ পৰা পোনে পোনে ঘৰত দিয়া সংযোগত কোনো ধৰণৰ গুনাও ব্যবহাৰ নকৰাৰ কথাও উল্লেখ কৰে অভিযোগকাৰীয়ে।
 
সঘনাই বিদ্যুত কৰ্তন কৰাৰ  দৈনন্দিন জীৱনৰ লগতে ছাত্ৰ-ছাত্ৰীৰ পঢ়া শুনাতো ব্যাঘাত জন্মা বুলিও বিদ্যুত গ্ৰাহকে ক্ষোভ উজাৰে। উপায়ন্তৰ হৈ গাঁৱৰ সমূহ পুৰুষ মহিলাই একত্ৰিত হৈ বিদ্যুত বিভাগৰ লগতে ধূপধৰা বিদ্যুত উপ সংমণ্ডলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে এতিয়া প্ৰশ্ন হয় সততে ধুপধৰা বিদ্যুত উপ সংমণ্ডলৰ মইতালিৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সমূহ সমাধানৰ বাবে বিদ্যুত বিভাগে কিবা ব্যবস্থা লবনে? নে এনেধৰেই ৰাইজক মাধমাৰ সোধাই যাব অনাগত দিন বোৰতো।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।