চেঙাত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ বিনামূলীয়া ৰেচন বিতৰণৰ শুভাৰম্ভ

 10/19/2021 - 18:02
 
 
পূৱ বৰপেটাঃ বৰপেটা জিলাৰ চেঙাত মঙলবাৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ বিনামূলীয়া ৰেচন বিতৰণৰ শুভাৰম্ভ কৰা হয়। পশ্চিম চেঙা সমবায় সমিতিৰ অধীনস্থ চেঙা চক বজাৰত থকা সুলভ মূল্যৰ এজেন্ট কুমাৰিশ পাঠকৰ দোকানত মঙলবাৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ বিনামূলীয়া ৰেচন বিতৰণ কৰা হয়। উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰপেটা জিলা বিজেপিৰ সাধাৰণ সম্পাদক হেমন্ত দেউৰীয়ে।
 
ক'ভিডৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা গৰীৱ-দুখীয়াক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে অতিৰিক্তভাৱে প্ৰতিগৰাকী দুখীয়া লোকক মাহেকত পাঁচ কিলোগ্ৰামকৈ ৰেচন বিনামূলীয়াকৈ দিয়াৰ যি মহৎ আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিখন মঙলবাৰে চেঙাত শুভাৰম্ভ কৰা হয় বুলি উল্লেখ কৰে বিজেপি নেতা হেমন্ত দেউৰীয়ে। এইখন আঁচনিৰ জৰিয়তে গৰীৱ লোকসকল উপকৃত হ'ব বুলিও মন্তব্য কৰে দেউৰীয়ে। উক্ত অনুষ্ঠানটোত বৰপেটা জিলা বিজেপিৰ মনোজ ডেকা, ধনজিৎ ডেকা, ৰাতুল পাঠককে ধৰি চেঙা মণ্ডল বিজেপিৰ বহু কেইগৰাকী নেতা-কৰ্মী উপস্থিত থাকে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।