দেৰগাঁৱত হাইস্কুল শিক্ষান্ত আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্রীক সম্বৰ্ধনা

 06/03/2019 - 13:25

দেৰগাঁওঃ দেৰগাঁৱৰ পূৱ ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ জৰিয়তে দেওবাৰে পঞ্চায়তৰ সভাগৃহত এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। সম্বৰ্ধনা অনুষ্ঠানত পঞ্চায়তটোৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৫ জন ছাত্ৰ-ছাত্রী আৰু উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৯ জন ছাত্র-ছাত্রীক অভিনন্দন পত্ৰ, কিতাপৰ টোপোলা, কলম, ফাইল আগবঢ়াই সম্বৰ্ধনা জ্ঞাপন কৰি ছাত্র-ছাত্রীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

সভাত দেৰগাঁও জিলা পৰিষদৰ সদস্যা নিজৰা বৰুৱা, পূৱ ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ববি দাস, সচিব দেৱেশ্বৰ বৰুৱা, প্ৰাক্তন প্ৰধান শিক্ষক প্ৰফুল্ল পূজাৰী, ব্ৰহ্মপুত্ৰ কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষা বিউটি হাজৰিকা, বোকাখাতৰ মৌমাখি গাঁও পঞ্চায়তৰ সচিব লোকনাথ দাস, প্ৰধান শিক্ষক দিলীপ দাস, সাংবাদিক অৰুপ কুমাৰ ৰায়, সমাজকৰ্মী নকুল দাস, শিক্ষক আবেদুৰ ৰহমান, শিক্ষক কমল বৰুৱা, পুষ্প ফুকন চাহাবুদ্দিন আহেমেদ, নাজিমতদ্দিন আহেমেদসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।