10/19/2021 - 20:20
in
নিউজ ডেস্কঃ আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত তিনিঘণ্টাৰ বাবে বৰ্হি বিভাগসমূহ বৰ্জন কৰি অসম চিকিৎসা সেৱা সন্থা, শিৱসাগৰ গোটৰ উদ্যোগত চিকিৎসকসকলে তেওঁলোকৰ ন্যায্য দাবীসমূহ মানি নোলোৱাৰ বাবে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। চিকিৎসক সকলৰ তথা চিকিৎসা কৰ্মীৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলতেই ক’ভিড নিয়ন্ত্ৰণত ভাৰতৰ ভিতৰতেই অসমৰ চিকিৎসক সকলেও প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে যদিও তেওঁলোকৰ এই বহুদিনীয়া দাবীসমূহ চৰকাৰে পূৰণ কৰাত হেমাহি কৰা বুলি দাবী কৰিছে চিকিৎসকসকলে।
চিকিৎসকসকলে প্ৰশ্ন উত্থাপন কৰি কয় যে মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰী লগত সফল আলোচনাৰ পাছতো কিয় ইমানদিনে তেওঁলোকৰ ন্যায্য প্ৰাপ্য সমূহ প্ৰদান কৰা নহল? চিকিৎসকসকলৰ ন্যায্য দাবীসমূহ হৈছে এনেধৰণৰ ১/ চিকিৎসক কেদাৰৰ পুনৰীকক্ষণ আৰু পুননিয়োজন কৰা। ২/ টাইম স্কেল পদোন্নতিৰ ব্যৱস্থা কৰা 3/ স্বাস্থ্যক বিভাগ আৰু খ বিভাগৰ দৰমহাৰ বৈষম্য দূৰ কৰি নতুন চিকিৎসকক আকৃষ্ট তথা অন্তভুক্তিৰে বিভাগটোক দুখীয়া ৰাইজৰ স্বাৰ্থত অধিক সক্ষম আৰু গতিশীল কৰা।
৪/ নতুন মেডিকেল কলেজৰ সস্থাপনৰ নামত জিলা চিকিৎসালয়বোৰ বন্ধ নকৰি কলেজবোৰক সঁচা অৰ্থত এখন ৰেফাৰেল হাস্পতাল বা টাৰচিয়াৰীকেয়াৰ হাস্পতাল হিচাপে ৰাখি ৰোগীৰ সৰ্বোভম চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক জ্ঞান অৰ্জনত অধিক সুবিধা দিয়া। ৫/ স্বাস্থ্য সঞ্চালকৰ পদত আগত অৱসৰ লবলগা স্বাস্থ্যক বিভাগৰ চিকিৎসকৰে দ্বাৰা ক্ষিপ্ৰতাৰে পূৰণ কৰা ৬/ বিভিন্ন স্তৰত খালি হৈ থকা চিকিৎসকৰ পদ বোৰ পূৰণ কৰিবলৈ এক সময় নিৰ্ধাৰিত পদোন্নতিৰ ব্যৱস্থা কৰা। ৭/ সান্ধ্য বৰ্হিবিভাগৰ যোৱা ৫ বছৰৰ ধৰি অনাদায় হৈ থকা বকেয়া ধন অতি সোনকালে আদায় দিয়া ৮/ সৰ্বসাধাৰণে অতি সহজে সততে পাব পৰাকৈ চিকিৎসালয়ৰ প্ৰাংগণতে চিকিৎসক থকাৰ বাবে ভাড়ামুক্ত আবাসৰ ব্যৱস্থা কৰা।
৯/জ্যেষ্ঠ চিকিৎসকতকৈ কণিষ্ঠ চিকিৎসকে বেছিকৈ পাই থকা দৰমহাৰ আসোঁৱাহ দূৰ কৰি ন্যায় প্ৰদান কৰা। ১০/ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত ডিপ্লমা লাভ কৰা স্বাস্থ্য বিভাগৰ চিকিৎসকসকলক প্ৰতিশ্ৰুতি অনুসৰি ২ তাকৈ ইনক্ৰিমেটৰ ব্যৱস্থা কৰা ১১/ অসমত স্বাস্থ্য বিভাগত বিশেষজ্ঞ চিকিৎসকৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি দুখীয়া জনগনৰ স্বাৰ্থত চিকিৎসা মহাবিদ্যালয়ত থকা বিশেষজ্ঞ চিকিৎসা অধ্যয়নৰ আসন বৃদ্ধি কৰা।
এই সমূহ ন্যায্য প্ৰাপ্য পূৰণ কৰাৰ দাবীৰে অসম চিকিৎসা সেৱা সন্থা, শিৱসাগৰ গোটৰ উদ্যোগত ১৯/১০/২০২১ তাৰিখে পুৱা ৮ বজাৰ পৰা ১১ বজালৈ বৰ্হিবিভাগত চিকিৎসা প্ৰদানৰ পৰা বিৰত থাকিব ২২/১০/২০২১ তাৰিখে বৰ্হিবিভাগৰ সেৱা সম্পূৰ্ণভাৱে বন্ধ থাকিব ২৬,২৭,২৮ অক্টোবৰ তাৰিখে তিনিদিনৰ বাবে বৰ্হিবিভাগৰ সেৱা সম্পূৰ্ণভাৱে বন্ধ থাকিব ১,২ আৰু ৩ নৱেম্বৰ তাৰিখে আকৌ তিনিদিনৰ বাবে বৰ্হিবিভাগৰ সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলি জানিবলৈ দিয়ে।