এটি দেশপ্ৰেমমূলক গীতৰ বাবে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিবিষ্ট এগৰাকী গহপুৰৰ বিশিষ্ট সাংবাদিকৰ

 10/20/2021 - 12:20
 
 
গহপুৰঃ গহপুৰৰ এজন বিশিষ্ট সাংবাদিক ৰমেন বৰা। সাংবাদিক গৰাকীয়ে বহু কৰ্মব্যস্ততাৰ মাজতো সংগীতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেখেতে স্বাধীনতা সংগ্ৰামীৰ নামৰ পটভূমিত ৰচিত এটি দেশপ্ৰেমমূলক গীতৰ বাবে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। সাংবাদিক গৰাকীৰ এই সন্মানে সমগ্ৰ গহপুৰৰ লগতে, অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।