বিশেষ টেট পৰীক্ষাৰ প্ৰসংগত মাজুলী শিক্ষা সহায়ক সন্থাৰ সংবাদ মেল

 10/20/2021 - 12:32
 
 
 
মাজুলীঃ অসম সৰ্বশিক্ষা মিছন অভিযানৰ অধীনত ঠিকা ভিত্তিক শিক্ষক হিচাপে কৰ্ম সম্পাদন কৰা অসমৰ পোন্ধৰ হাজাৰোধীক শিক্ষাকৰ্মী, শিক্ষা সহায়ক, শিক্ষা স্বেচ্ছাসেৱক, সংযোগী শিক্ষা কর্মীৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত বিগত ২৮ ফেব্ৰুৱাৰীত ঘোষিত বিশেষ টেট পৰীক্ষা নিৰ্বাচনৰ অধিসূচনা ঘোষণা কৰাৰ বাবে স্থগিত ৰখাৰ পাছত বহু জল্পনা কল্পনাৰ শেষত বিগত ৩ অক্টোবৰ অনুষ্ঠিত হ’ল যদিও প্ৰশ্ন কাকত আৰু পাঠ্যক্ৰম সম্পৰ্কত গুৰুত্বপূৰ্ণ বিসংগতি থকা বুলি মত প্ৰকাশ কৰাৰ লগতে প্ৰায় প্ৰতি গৰাকী শিক্ষাৰ্থীয়েই পৰীক্ষা কেন্দ্ৰত এক হতাশজনক পৰিস্থিতিৰ সন্মুখীন হয় বুলি জানিব দিয়ে।
 
 
এই সম্পৰ্কত শিক্ষা সহায়ক সন্থাৰ মাজুলী জিলাৰ সম্পাদক ব্ৰজেন মিলি য়ে জানিবলৈ দিয়া মতে শিক্ষা বিভাগৰ পৰা পোৱা আশ্বাস অনুসৰি পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু পাঠ্যক্ৰমৰ মিল নাই। যাৰ বাবে পৰীক্ষা গৃহতে মানসিকভাৱে ভাগি পৰিছিল পৰীক্ষাৰ্থীসকল। বছৰৰ পাছত বছৰ বিশেষ টেট পৰীক্ষা আৰু নিয়োগ প্ৰসংগত আশা পালি থকা শিক্ষা সহায়ক সকলক এক প্ৰকাৰ আশাহত কৰিলে পৰীক্ষাৰ প্ৰশ্ন কাকতে।
 
এই সম্পৰ্কত বিশদ আলোচনা কৰি শিক্ষা সহায়ক তথা পৰীক্ষাৰ্থীসকলৰ স্বাৰ্থত অসম চৰকাৰৰ শিক্ষা বিভাগে ফলাফলৰ বাবে নিৰ্ধাৰিত নম্বৰৰ ক্ষেত্ৰত পুনৰ বিবেচনাৰে প্ৰাৰ্থীসকলক ৩০% গ্ৰেছ নম্বৰ প্ৰদানৰ বাবে শিক্ষা বিভাগৰ ওচৰত অনুৰোধ জনাইছে। অধিকাংশ পৰীক্ষাৰ্থীয়েই পৰীক্ষাৰ অপেক্ষাত একপ্ৰকাৰ চাকৰিৰ বয়স হেৰুৱাব লগা হোৱাৰ সময়তো পৰীক্ষাৰ পূৰ্বে ঘোষিত ফলাফল ব্যৱস্থাৰে পুনৰবাৰ এইসকল শিক্ষাগুৰুক মানসিক হতাশগ্ৰস্ত নকৰিবৰ বাবে আহ্বান জনাইছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।