মাজুলীৰ সোৱণশিৰি নদীত জালত ১ কুইণ্টল ২১কেজি ওজনৰ মাছ, চাবলৈ ৰাইজৰ হেতাওপৰা

 10/20/2021 - 12:45
 
 
 
 
মাজুলীঃ যোৱাকালি হোৱা বৰষুণৰ ফলত ব্রহ্মপুত্র আৰু সোৱণশিৰি নদীৰ জলপৃষ্ঠ সামান্য বৃদ্ধি হোৱাত সোৱণশিৰি নদীৰ লোহিত চাপৰিত প্ৰায় 12 জন মানুহে লগ লাগি ধৰিলে ১কুইণ্টল ২১কেজি ওজনৰ এটা গৰুৱা মাছ।
 
ইয়াৰ পাছতে মাছটো চাবলৈ ৰাইজৰ সোঁত ববলৈ ধৰিলে, কোনোৱে চুই চালে, কোনোৱে আকৌ মোবাইলত ফটো ললে। ইমান ডাঙৰ মাছটো মুঠতে সকলোৱে হেপাঁহেৰে চালে| ইয়াৰ পাছতে মাছটোক লখিমপুৰলৈ বিক্ৰীৰ বাবে লৈ যোৱা হল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।