অসমৰ ভূমি অবাধ বে-দখল আৰু তাত গঢ় লৈ উঠিছে নথিপত্ৰ বিহীন ইটা ভাটা

 10/20/2021 - 13:07
 
 
 
সৰুপথাৰঃ প্ৰথমে বনাঞ্চলত অবাধ বন ধংশযঞ্জ, তাৰ পিছত গঢ় লৈ উঠিছে বহু কেইটা ইটা ভাটা, মুঠৰ ওপৰত চলি আছে ৰমৰমীয়া ব্যৱসায়। না আছে প্ৰশাসনৰ অনুজ্ঞাপত্ৰ, নে চৰকাৰে পাইছে কৰ। কিন্তু নিলুপ্ত ভূমিকা পালন কৰিছে বনবিষয়া তথা গাতে লাগি থকা 155 CRPF চুঙাজান ৰেংমা A চেক্টৰৰ যোৱানসকল। কাৰ ছত্রছায়াত দীৰ্ঘদিন ধৰি এনেবোৰ কাম চলি আছে এইটো হৈ পৰিছে এটা ডাঙৰ প্রশ্ন। নে চকু মোদা কুলিৰ ভাও ধৰিছে তেওঁলোকে, নে বুজাবুজি মাজেৰেই চলি আছে এনেবোৰ কাৰ্য।
 
গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী চুঙাজান MV পঞ্চয়তৰ বনাঞ্চলত কিদৰে নিৰ্মীয়মান হৈ আছে এই ইটা ভাটাটো। কোনো ভয় নোহোৱাকৈ চলাই গৈছে ইটাৰ বৃহৎ বজাৰ। যাৰ মূল্য এটুকুৰা ইটাত, আজি তাৰিখত ৮ পৰা ১০ টকা পৰ্য্যন্ত। কিন্তু, অসম চৰকাৰে পাইছে নে কৰ? এতিয়া সেইটো হৈ পৰিছে বহুতৰে প্ৰশ্ন। ভাটা কেইটাৰ নাম হৈছে ৰীয়া, NO 1, অসম, যিহেতু ইয়াৰ ওচৰতে লাগি আছে Crpf  A চেক্টৰৰ চাউনিও ইয়াৰ, কিন্তু তেওঁলোকে নিমাত হৈ বহি থকাৰ অভিযোগ তুলিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম ধনশিৰি গোলাঘাটৰ এটা সজাতি দলে। এই প্ৰতিবেদন চোৱাৰ পাছত প্রশাসনে কি ভূমিকা পালন কৰে পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হব? 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।