বহিঃৰাজ্যত চলন্ত ৰে’লৰ পৰা ৰহস্যজনক ভাৱে নিৰুদ্দিষ্ট মঙলদৈৰ যুৱক

 06/03/2019 - 13:28

মঙলদৈঃ বহিঃৰাজ্যত পুনৰ অসমৰ যুৱক নিৰুদ্দেশৰ হোৱাৰ ঘটনা সংঘটিত৷ ১৯ মেত দিল্লীৰ পৰা ব্ৰহ্মপুত্ৰ মেইলেৰে আহি থকা সময়ত নিৰুদ্দেশ মঙ্গলদৈৰ যুৱক। দিল্লীত থকা ভনীয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈ অসমলৈ ঘূৰি আহোতে এই ঘটনা। নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা মোবাইলৰ switch off যুৱকজনৰ। যুৱক জনৰ নাম দিলীপ তাঁতী। পেছাত এজন বাদাম ব্যৱসায়ী। বহিঃৰাজ্যত পুনৰ অসমৰ যুৱক নিৰুদ্দেশ হোৱাৰ ঘটনা সংঘটিত হৈছে৷

মে মাহৰ মাজভাগত দিল্লীত থকা ভনীয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল মঙ্গলদৈ প্ৰফুল্ল নগৰৰ দিলীপ তাঁতী আৰু তেওঁৰ পত্নী ৰূপালী তাঁতী৷ তেওঁলোকৰ লগত গৈছিল ৰূপালীৰ ভায়েক। দিলীপ তাঁতীয়ে পত্নী আৰু খুলশালীয়েক লৈ দিল্লীৰ ভনীয়েকৰ ঘৰত দুদিন মান থকাৰ পিছত ১৯মে' তাৰিখে ব্ৰহ্মপুত্ৰ মেইল যোগে তিনিও ঘৰলৈ বুলি যাত্ৰা কৰিছিল। নিশা ৰেলত পত্নী ৰূপালী আৰু খুলশালীৰ টোপনি অহাত পুৱা দুয়ো সাৰ পাই স্বামী দিলীপক নেদেখি ৰে’লখনত বিচাৰি চলাথ কৰে। পত্নীয়ে মোবাইলত ফোন কৰাত switch off হৈ আছিল মোবাইল। তেতিয়াৰ পৰা আজিলৈ বন্ধ হৈ আছে দিলীপ তাঁতীৰ মোবাইল। লগে লগে ৰে’লৰ পৰাই দিল্লীত থকা ভনীয়েক আৰু মঙ্গলদৈৰ পৰিয়ালক ঘটনাৰ সৱিশেষ জনায় যদিও অনগ্ৰসৰ পত্নী আৰু খুলশালীয়ে বাহিৰৰ ভূ-ভা নজনাৰ বাবে ৰেলৰ পৰা নানামি পোনে পোনে গুৱাহাটীলৈ আহে।

মঙ্গলদৈত উপস্থিত হৈ পত্নী আৰু পৰিয়ালৰ লোকে মঙ্গলদৈ থানা আৰু গুৱাহাটী ৰেল আৰক্ষীক দিলীপ তাঁতীৰ নিৰুদ্দেশ সম্পৰ্কে এজাহাৰ দাখিল কৰে। প্ৰথমে পৰিয়ালৰ লোকে কিবা কাৰণত দিলীপ তাঁতী কোনো ষ্টেচনত নামোতে ষ্টেছনতে ৰৈ যোৱা বুলি সন্দেহ কৰিছিল যদিও কেইবাদিনো পাৰ হৈ যোৱাৰ পিছতো দিলীপ তাঁতীৰ কোনো খবৰ নোপোৱাত যোৱা বুধবাৰে তাঁতীক বিচাৰি ককায়েক পুনৰ দিল্লীলৈ ৰাওনা হয়। ককায়েকেও বৰ্তমানলৈ কোনো সন্ধান পোৱা নাই ভায়েক দিলীপৰ।

এতিয়া পত্নীয়ে চকুৰপানী টুকি পাৰ কৰিছে দিন ৰাতি। আশা কৰিছে ঘূৰি আহিব তেখেতৰ স্বামী। মঙলদৈ ভেবাৰঘাট বাছ আস্থানত বাদাম বিক্ৰী কৰি ঘৰ চলোৱা তাঁতী এজন সহজ সৰল যুৱক। কোনো দিনে কাৰো লগত খং ৰাগ কাজিয়া নকৰা তাঁতীৰ নিৰুদ্দেশ হোৱাৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত। কেনেকৈ কি হৈ নিৰুদ্দিষ্ট হ’ল দিলীপ তাঁতী। পত্নীৰ সন্দেহ নিশা কোনোবা দুষ্ট চক্ৰৰ কৱলত পৰিছে স্বামী দিলীপ। নহলে কেতিয়াও কোনো কাৰণত কলৈকো গুচি যাব নোৱাৰে দিলীপ তাঁতী। কিন্তু আজি কেইবা দিনো পাৰ হৈ যোৱাৰ পিছতো দিলিপৰ কোনো সন্ধান নোলোৱাত নানান চিন্তাই আগুৰি ধৰিছে পত্নীক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।