বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰই জামিন লাভ কৰিবনে? আজি ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি

 10/20/2021 - 14:36
 
 
নিউজ ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিন সন্দৰ্ভত আজি শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে। বিগত ২ অক্টোবৰত এটা ক্ৰুজ পাৰ্টিত এন চি বিৰ অভিযানৰ সময়ত আটক কৰিছিল শ্বাহৰুখ খানৰ পুত্ৰক।এই পাৰ্টিত বহু লোক আছিল যদিও মাত্ৰ ৮ জন লোকক হে আটক কৰা হৈছে।আৰিয়ানৰ জামিনৰ বাবে পূৰ্বেও আবেদন কৰা হৈছিল যদিও ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰিছিল।
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।