ডুমডুমাত বাংলাদেশৰ মৌলবাদী শক্তিৰ প্ৰতিকৃতি দাহ বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ

 10/20/2021 - 14:47
 
 
 
 
ডুমডুমাঃ বাংলাদেশত হিন্দু ধৰ্মালম্বী লোকসকলৰ ওপৰত হৈ থকা মৌলবাদীৰ আক্ৰমণৰ প্ৰতিবাদ সমগ্ৰ দেশৰ লগতে অসমতো পৰিলক্ষিত হৈছে| বিশ্ব হিন্দু পৰিষদ বজৰং দলে ৰাজ্যজুৰী আজি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল|
 
ডুমডুমাৰ বাছস্থানৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বাংলাদেশৰ মৌলবাদী শক্তিৰ প্ৰতীক স্বৰূপ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ কৰে হিন্দুত্ববাদী সংগঠনটোৱে|
 
উল্লেখ্য যে, দুৰ্গা পূজাৰ পৰা বাংলাদেশৰ বিভিন্ন ঠাইত আৰম্ভ হোৱা হিন্দু ধৰ্মালম্বী লোকৰ ওপৰত মৌলবাদীৰ আক্ৰমণ বৰ্তমানো অব্যাহত আছে, যাৰ পৰিপেক্ষিতত সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে|
 
প্ৰায় ১ ঘণ্টা সময় ধৰি পথ অৱৰোধ কৰি 'বাংলাদেশী প্ৰধানমন্ত্ৰী শ্বেষ হাচিনা মুৰ্দাবাদ', 'বাংলাদেশী মৌলবাদী মুৰ্দাবাদ' আদি শ্ল’গান দি ৰাজপথ উত্তাল কৰি তুলে সংগঠনটোৱে|
 
প্ৰতিবাদ জনোৱাৰ পিচত বাংলাদেশত সংঘটিত হৈ থকা হিন্দুৰ ওপৰত আক্ৰমনৰ ঘটনা শীঘ্ৰে বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদী সংগঠনটোৱে| 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।