কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ চান্দখানি গাঁৱৰ কালাচান্দ মন্দিৰত লুঙী, টুপী আদিকে ধৰি বিভিন্ন সামগ্ৰী উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

 10/20/2021 - 15:00
 
 
 
বদৰপুৰঃ কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ চান্দখানি গাঁৱৰ কালাচান্দ মন্দিৰত লুঙী, টুপী আদিকে ধৰি বিভিন্ন সামগ্ৰী উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাত চাঞ্চল্যৰ সৃষ্টি হৈছে। পুৱাৰ ভাগত স্থানীয় ৰাইজে মন্দিৰৰ গছত সামগ্ৰীখিনি উলমাই থোৱা অৱস্থাত উদ্ধাৰ হয়। এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় খবৰ দিয়ে নিলামবজাৰ আৰক্ষী থানাত। আৰক্ষীৰ এটা বিশাল দল ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে।
 
কিছু মুহুূৰ্তৰ পিছত স্নিফাৰ ডগ'ৰ জৰিয়তে আৰম্ভ হব তদন্ত। উল্লেখযোগ্য যে, একে মন্দিৰত মহাষষ্টিৰ দিন অনুৰূপ ঘটনা সংঘটিত হৈছিল। তেতিয়া স্থানীয় ৰাইজে নিজা প্ৰচেষ্টাৰে সামগ্ৰীখিনি আতৰাই দিছিল।
 
ভাবিছিল হয়তো কোনো মস্তিষ্ক বিকৃত লোকে ঘটনা সংঘটিত কৰিছে। কিন্তু একে স্থানতে পুনৰ অনুৰূপ ঘটনা সংঘটিত হোৱাৰ ফলত স্থানীয়লোকৰ সন্দেহ হৈছে যে সমাজত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে উদ্দেশ্য প্ৰনোদিতভাবে কোনো দুষ্ট চক্ৰই এনে ঘটনা সংঘটিত কৰিছে। বৃহৎ আৰক্ষী CRPF বাহিনী বৰ্তমানে সেই স্থানত মোতায়েন কৰা হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।