জামুগুৰিহাটৰ টৌভঙাত মহিলা-যুৱতী, কিশোৰ-কিশোৰীক আত্মৰক্ষাৰ প্ৰশিক্ষণ প্ৰদানত ব্যস্ত পুনাক্ষী পগাগঃ পুনাক্ষীৰ পদক্ষেপক আদৰণি সচেতন মহলৰ

 10/20/2021 - 15:29
 
 
 
জামুগুৰিহাটঃ মহিলাৃ-যুৱতীক আত্মৰক্ষাৰ লগতে শাৰিৰীক মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে সদা ব্যস্ত এগৰাকী মহিলা৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টৌভঙাৰ এই মহিলা গৰাকীৰ হ’ল পুনাক্ষী পগাগ৷ বিগত কেইবা বছৰ ধৰি অঞ্চলটিৰ ভালেকেইগৰাকী মহিলা যুৱতীৰ লগতে কিশোৰ-কিশোৰীক টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে পুনাক্ষীয়ে৷
 
টৌভঙাৰ খেল পথাৰত পুৱা-গধুলি পুনাক্ষী পগাগে অঞ্চলটিৰ অৰ্ধ শতাধিক যুৱক-যুৱতী, কিশোৰ-কিশোৰীক টাইকোৱাণ্ডোৰ জৰিয়তে আত্মৰক্ষাৰ কৌশল প্ৰদান কৰি আহিছে৷ পুনাক্ষী পগাগৰ অধিনত প্ৰশিক্ষণ গ্ৰহণ কৰা ৩০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে ইতিমধ্যে “ ইয়েল” বেল্ট ( yellow belt)লাভ কৰা বিষয়েও জানিব পৰা গৈছে৷ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ মহিলা যুৱতীসকলৰ শাৰিৰীক-মানসিক উৎকৰ্ষ সাধনৰ বাবে পুনাক্ষী পগাগে লোৱা পদক্ষেপক অঞ্চলটোৰ সচেতন মহলেও শলাগ লৈছে৷ পুনাক্ষী পগাগে ইতিমধ্যে কেইবাখনো ৰাজ্যিক, আন্তঃৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগীতাত সফলতা কঢ়িয়াবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।