ভৱানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ বাক্সাৰ শালবাৰীৰ ৰূপহী আৰু গাতিত দুখনকৈ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

 10/20/2021 - 15:57
 
 
শালবাৰীঃ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য। বিপিএফ-কংগ্ৰেছ-এআই ইউডিএফকে ধৰি সকলো দলে বিজেপিক সমৰ্থন জনাইছে।  ভৱানীপুৰ সমষ্টিত ভোটৰ ব্যৱধান নাথাকে। ইয়াত গ'ল কিপাৰ নাই।
 
অসমত এটা সময়ত অসমক ভাল পোৱা মানুহবোৰ একগোট হবই লাগিব।  অসমীয়া, বড়ো, ৰাভা, চাহ জনজাতি আমি যদি সকলো একত্ৰিতভাৱে থাকিব নোৱাৰিলে দহ বছৰ পিছত অসমত কোনো থাকিব নোৱাৰিব।
 
ৰূপহী-গাতিত হব ৩০ খন বিছনাযুক্ত হাস্পতাল। উন্নত হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান-ভৱানীপুৰ সংযোগী পথ। উল্লেখ্য যে, গাতিত অনুষ্ঠিত নিৰ্বাচনী সভাখনত অৱড়ো সুৰক্ষা সমিতিৰ মুখ্য উপদেষ্টা ব্ৰজেন মহন্ত, অবড়ো নেতা পুলিন দাসে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে।
 
মুখ্যমন্ত্ৰী গৰাকীয়ে গাতি অঞ্চলৰ ৰাইজৰ অনুৰোধত নেমুটেঙা চৰৱত সেৱন কৰাৰ দৃশ্যই আকৰ্ষিত কৰে ভোটাৰ ৰাইজক। আজিৰ নিৰ্বাচনী সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, জয়ন্ত মল্ল বৰুৱা, কন্ঠশিল্পী সিমান্ত শেষৰ, বিদ্যাসাগৰে অংশগ্ৰহণ কৰে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।