কালিগঞ্জত চাঞ্চল্যকৰ হত্যাকাণ্ডঃ জাতকাপন সমবায় সমিতিৰ নৈশ প্ৰহৰীক মৰিয়াই মৰিয়াই হত্যা অচিনাকি দুষ্কৃতিকাৰীৰ

 10/20/2021 - 16:16
 
 
 
 
বদৰপুৰঃ কালিগঞ্জত চাঞ্চল্যকৰ হত্যাকাণ্ড। জাতকাপন সমবায় সমিতিৰ নৈশ প্ৰহৰীক মৰিয়াই মৰিয়াই হত্যা অচিনাকি দুষ্কৃতিকাৰীৰ। হত্যাৰ চিকাৰ হোৱা নৈশ প্ৰহৰীৰ নাম আব্দুল মুতলিব।
 
বাঁহৰ টুকুৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে আব্দুল মুতলিব নামৰ ব্যক্তিজনক। বিগত তিনিবছৰ ধৰি আব্দুল মুতলিব নামৰ ব্যক্তিজন জাতকাপন সমবায় সমিতিৰ নৈশ প্ৰহৰাৰ দায়িত্বত আছিল। আব্দুল মুতলিবৰ ঘৰ পিৰেৰচক গাঁৱত। প্ৰতিদিনৰ দৰে মঙলবাৰে নিশাৰ ভাগত সমবায় সমিতিৰ প্ৰহৰাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল।
 
পিছে আজি পুৱাৰ ভাগত স্থানীয়লোকে জাতকাপন সমবায় সমিতিৰ কাৰ্যালয়ৰ বাৰান্দাত ৰক্তাক্ত অৱস্থাত পৰি থকা দেখা পাই খবৰ দিয়ে কালিগঞ্জ আৰক্ষী অনুসন্ধান চকীত। আৰক্ষীৰলোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰু প্ৰাথমিক তদন্তত মৃতদেহৰ কাষত পোৱা যায় হত্যাকাণ্ডত ব্যৱহৃত বাঁহৰ টুকুৰা।
 
এগৰাকী নৈশ প্ৰহৰীৰ হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাত চাঞ্চল্যৰ সৃষ্টি হৈছে। একাংশ স্থানীয়লোকৰ মতে নিশা হ'লেই একাংশ দুষ্কৃতিকাৰীয়ে কাৰ্যালয়ৰ চৌহদত অবৈধ কামকাজত লিপ্ত হয়। আৰু হয়তো প্ৰহৰাৰ দায়িত্বত থকা আব্দুল  মুতলিবে এওঁলোকক বাধা প্ৰদান কৰাৰ বাবেই হত্যাৰ বলি হবলগীয়া হৈছে। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰিছে। 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।