শিৱসাগৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জন্মদিন উদযাপন

 10/20/2021 - 16:47
 
 
নিউজ ডেস্কঃ আজি শিৱসাগৰত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু উদ্যানত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন উদযাপন কৰা হয়। অসমৰ ভাষা, সাহিত্য আৰু জাতীয় জীৱনৰ প্ৰতি অনবদ্য অৱদান আগবঢ়াই যোৱা অসমৰ অন্যতম এগৰাকী কাণ্ডাৰী তথা শিৱসাগৰৰ সু-সন্তান সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মতিথি প্ৰতিবছৰে লক্ষ্মী পূর্ণিমাৰ দিনটোতে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই 'সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা দিন উদযাপন 'ৰূপে পালন কৰা হব বুলি জানিবলৈ দিয়ে।
 
অহা বছৰৰ পৰা অসমৰ ভাষা-সংস্কৃতিৰ বা অন্যান্য সামাজিক স্তৰলৈ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিলৈ 'সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বঁটা ' প্ৰদান কৰা লগতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ যিসমূহ স্তাৱৰ অস্তাৱৰ সম্পদ লগতে তেওঁৰ যিসমূহ স্মৃতি বিজৰিত সম্পদ আছে সেই সমূহ সংৰক্ষণ কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সমীৰণ ফুকনে চৰকাৰক দাবী জনায়। পুৱা ১১ বজাৰ পৰা বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধা নিবেদনেৰে আজি কাৰ্য্যসূচী আৰম্ভ কৰা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।