শালবাৰী দ্বিতীয় খণ্ডৰ ৱাৰ্ড সদস্য মফিজুল ইছলাম আৰু গৌৰনগৰ পঞ্চায়তৰ কম্পিউটাৰ বিভাগৰ নেকিবুৰ ইছলাম বিৰুদ্ধে গুৰুতৰ অভিযোগ

 10/20/2021 - 16:52
 
 
লক্ষীপুৰঃ গোৱালপাৰাৰ জিলাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ অধিন্যাস্থ গৌৰনগৰ গাঁও পঞ্চায়তৰ শালবাৰী দ্বিতীয় খণ্ডত অবস্থিত, আংটিহাৰা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত মাটি পেলাই বৃক্ষ ৰোপণ কৰাৰ বাবে ২০২০-২০২১ বিত্তীয় বৰ্ষত আঞ্চলিক পঞ্চায়তৰ ফালৰপৰা আৱন্টন দিছিল ১,১৯,৯৩৫ টকা। জানিব পৰা মতে, কাম নকৰাকৈ সম্পূর্ণ পুঁজি আত্মসাৎ কৰাৰ বাবে জলেশ্বৰ আৰক্ষী চকীত এটা এজাহাৰ দাখিল কৰিছে স্থানীয় এজন যুৱকে।
 
উল্লেখ্য যে, নিৰ্ধাৰিত ম্যাদ উকলি যোৱাৰ পিছতো অকল আধাৰশিলা স্থাপন, আৰু নাম ফলকতেই অবোধ্য থাকি গল বিদ্যালয়ৰ আন্তগাথিৰ কামকাজ। এতিয়া প্ৰশ্ন হয়, মূৰৰ ওপৰত কাৰ হাত থাকিলে এনেদৰে কাম নকৰি চৰকাৰী ধন আত্মসাৎ কৰিব পাৰে সেয়া এতিয়া এক উত্তৰ বিহীন প্ৰশ্ন হৈ পৰিছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।