বিশ্বকাপত অঘটনঃ বাংলাদেশৰ হাতত পৰাস্ত দক্ষিণ আফ্রিকা

 06/03/2019 - 14:00

ডিজিটেল ডেক্সঃ বিশ্বকাপ ক্রিকেটত অঘটন ঘটালে বাংলাদেশে। চলিত মেগা প্রতিযােগিতাখনৰ দ্য অভেলত অনুষ্ঠিত হাইস্কৰিং মেচখনত বাংলাদেশে শক্তিশালী দক্ষিণ আফ্রিকাক পৰাস্ত কৰি অঘটন ঘটায়। মেচখনত বাংলাদেশে ২১ ৰানত বিজয় সাব্যস্ত কৰে। বাংলাদেশে জয়ৰ বাবে দক্ষিণ আফ্রিকাক বান্ধি দিছিল ৩৩১ ৰানৰ লক্ষ্য।

উল্লেখ্য যে প্রতিযােগিতাখনত দক্ষিণ আফ্রিকাৰ এয়া আছিল ক্রমাগত দ্বিতীয় পৰাজয়। প্ৰথমখন মেচত দলটোৱে ইংলেণ্ডৰ হাতত শােচনীয়ভাৱে পৰাস্ত হৈছিল। খেলখনত ছাকিব আলী হাচান 'মেন অৱ দ্য মেচ’ হয়। ছাকিবে ৮৪ টা বলত ৭৫ ৰানৰ লগতে ১০ অ’ভাৰত ৫০ ৰান আৰু এটা উইকেট দখল কৰে।

বিশ্বকাপ ক্ৰিকেটৰ আজিৰ ষষ্ঠখন খেল দিনৰ ৩ বজাৰ পৰা নটিংহামত ইংলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।