কামৰূপৰ ৰঙিয়া মহকুমাৰ কঞাঁ থানাত কবিতা আবৃত্তিকাৰৰ ৰূপত কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়

 10/20/2021 - 17:22
 
 
 
বাহাৰঘাটঃ কামৰূপৰ ৰঙিয়া মহকুমাৰ কঞাঁ থানাত কবিতা আবৃত্তিকাৰৰ ৰূপত কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়। কঞাঁ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল তালুকদাৰৰ নিজা প্ৰচেষ্টাত সাজি উলিয়াইছিল থানাৰ মুখ্য তোৰণ।
 
 
এই তোৰণ আনুষ্ঠানিকভাৱে আজি শুভ উদ্বোধন কৰে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে। তোৰণ উদ্ধোধনী অনুষ্ঠানতে অধীক্ষক গৰাকীয়ে আৰক্ষী বিষয়াজনৰ এই ব্যাতিক্ৰমী প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে কবিতা আবৃত্তি কৰে উপস্থিতিৰ সন্মুখত। লগতে ৰাজ্যত সক্ৰিয় হৈ থকা জালনোট চক্ৰৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে অধীক্ষক গৰাকীয়ে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।