ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ গোঁসাই ঘৰত দুদিনীয়াকৈ লক্ষ্মী পূজা উদযাপন

 10/20/2021 - 17:37
 
 
নলবাৰীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁওস্থিত প্ৰায় ১০০ বছৰ গৰকা ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ গোঁসাই ঘৰত অতীতৰ পৰা একাদিক্ৰমে উদযাপন কৰি অহা শ্ৰীশ্ৰী লক্ষ্মী পূজাখনি এইবেলিও বাসুদেৱ গোসাঁই ঘৰ পৰিচালনা সমিতিৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ বৰ্ণিল কাৰ্য্যসূচীৰে আৰম্ভ হয়। আয়োজক সমিতিয়ে সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে পূজাখনি।
 
 
 
দেউৰী দ্বীপেন ডেকাই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ পাতনি মেলে। ধৰ্মীয় পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি প্ৰতাপ দত্ত চৌধুৰীয়ে, শ্বহীদ বেদীত বন্তি প্ৰজ্বলন ও মাল্লাৰ্পন কৰে ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকাই, স্মৃতি সৌধত বন্তি প্ৰজ্বলন ও মাল্লাৰ্পন কৰে পূৱ বনভাগ মৌজাৰ মৌজাদাৰ প্ৰশান্ত দত্ত চৌধুৰীয়ে। সাংবাদিক দ্বীজেন ডেকা প্ৰমুখ্যে গন্য মান্য ব্যক্তিসকলে বৃক্ষৰোপণ কৰি কাৰ্যসূচী ৰূপায়ণ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।