বিহালীত ক’ভিড যুদ্ধাক সম্বৰ্ধনা ভাৰতীয় জনতা পাৰ্টীৰ

 10/22/2021 - 12:08
 
 
বিহালীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বত ক’ৰণা মহামাৰীৰ প্ৰথম পালি প্ৰতিষেধক এশ কোটি জনতাক দিয়া সম্পূৰ্ণ হ’ল। তদুপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিয়ে প্ৰতিষেধক কেন্দ্ৰত দলৰ তৰফৰ পৰা চিকিৎসাকৰ্মী সকলক সম্বৰ্ধনা জনাবলৈ নিৰ্দেশ দিয়ে। সেই উপলক্ষে বৃহস্পতিবাৰে দলৰ সকলো কাৰ্যকৰ্তাক নিকটৱৰ্তী প্ৰতিষেধক কেন্দ্ৰত উপস্থিত থাকি সহযোগিতা আগবঢ়াই।
 
 
বৰগাং; গাংমৌ গাঁও পঞ্চায়তত সম্বৰ্ধনা কাৰ্যসূচী অন্ত পৰাৰ পিছত বৃহস্পতিবাৰে বিহালী প্ৰাথমিক চিকিৎসালয়ৰ সভা কক্ষত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। নিজ বিহালী গাঁও পঞ্চায়তৰ সভাপতি প্ৰেমকান্ত চেত্ৰীৰ সভাপতিত্ব অনুষ্ঠিত সভাত ডাঃ যোগেন চন্দ বে ডাঃ প্ৰদীপ বিশ্বাসী" এই সভাৰ নেতৃত্ব বহন কৰা বিজেপিৰ জিলা উপ সভাপতি ক্ষীৰোদ দাস" বটিয়ামাৰীৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ফুলমণি দাস "লগতে কেইবাগৰাকী চিকিৎসাকৰ্মী 'নাৰ্চ আদি উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।