চতিয়াত সত্যৰঞ্জন বৰাৰ প্ৰতিকৃতি দাহ অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰঃ ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী

 10/22/2021 - 12:21
 
 
 
 
 
জামুগুৰিহাটঃ বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবীত সন্ধিয়া দক্ষিণ চতিয়াত প্ৰতিবাদ সাব্যস্ত কৰে অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদে। বিতৰ্কিত নেতা গৰাকীৰ প্ৰতিকৃতি পথৰ ওপৰৰে চোঁচৰাই আনি দাহ কৰি অসম আৰক্ষীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনায়।
 
শেহতীয়াকৈ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদক ডকাইত আৰু পৱিত্ৰ গ্ৰন্থ কোৰানত উল্লেখিত ৭২ গৰাকী হুৰক বেশ্যা বুলি অশ্লীল মন্তব্য কৰাত সৰ্বত্ৰে মুছলমান লোকসকলে জাঙুৰ খাই উঠিছে সত্যৰঞ্জনৰ বিৰুদ্ধে।
 
ইতিমধ্যে অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ BNC PS 395/21 153A/295A নম্বৰত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত শীঘ্ৰেই সত্যৰঞ্জনক গ্ৰেপ্তাৰ কৰি আইনগত শাস্তিৰ দাবী তুলে সংগঠনটোৱে।
 
 
আনহাতে হজৰত মহম্মদক অপমান কৰা কাৰ্য্যক কেতিয়াও সহ্য নকৰে সংখ্যালঘূ সংগ্ৰাম পৰিষদে। সত্যৰঞ্জনৰ ওপৰত শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰায় সংখ্যক থানাতেই গোচৰ ৰুজু হৈ থকাৰ পিছতো কিহৰ বাবে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ ভয় কৰিছে সেইয়াও প্ৰশ্ন উত্থাপন কৰিছে সংগঠনটিৱে।
 
 
শীঘ্ৰেই সত্যৰঞ্জনক গ্ৰেপ্তাৰ নকৰিলে গোটেই ৰাজ্যজুৰি ভয়াবহ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগ্ৰাম পৰিষদে। প্ৰতিবাদকাৰীসকলে সত্যৰঞ্জন বৰা হুচিয়াৰ, সাম্প্ৰদায়িক শক্তি নিপাত যাওক, অসম চৰকাৰ হায় হায়, অসম আৰক্ষী হায় হায় আদি শ্ল’গানেৰে দক্ষিণ চতিয়াৰ আকাশ বতাহ উত্তাল কৰি তোলে।
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।