দেশত বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা

 10/22/2021 - 14:07
 
 
নিউজ ডেস্কঃ বিগত ২৪ ঘণ্টাত দেশত বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। ২৪ ঘণ্টাত ক’ৰণাত প্ৰাণ হেৰুৱাইছে ২৩১জন লোকে।ক’ৰণাত নতুনকৈ আক্ৰান্ত হৈছে ১৫ হাজাৰ ৭৮৬জন লোক।
 
নতুন সংখ্যাকে ধৰি দেশত সংক্ৰমিত লোকৰ মুঠ সংখ্যা ৩ কোটি ৪১ লাখ ৪৩ হাজাৰ ২৩৬জন। আনহাতে, এতিয়ালৈ ৪ লাখ ৫৩ হাজাৰ ৪২জন লোকে প্ৰাণ হেৰুৱাইছে। বৰ্তমান দেশত ১ লাখ ৭৫ হাজাৰ ৭৪৫জন লোক চিকিৎসাধীন হৈ আছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।