হাজাৰ হাজাৰ বন্তিৰ পোহৰত উদ্ভাসিত হ’ল বহৰি সত্ৰ

 06/03/2019 - 14:03

বৰবালাঃ মহাপুৰুষ হৰিদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে বহৰি সত্ৰত দেওবাৰে হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থীৰ সমাবেশ হয়৷ আজি হৰিদেৱ গুৰুজনাৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ পালন কৰিব ৰাজ্যবাসীয়ে৷ তিৰোভাৱ তিথিৰ আগৰ দিনটোক কোৱা হয় গোন্ধ সভা মহোৎসৱ৷ কালি সত্ৰসমূহত পালন কৰা হৈছে গোন্ধ সভা মহোৎসৱ৷

গোন্ধ সভা মহোৎসৱ উপলক্ষে দেওবাৰে ওৰে নিশা সত্ৰসমূহত গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ অৰ্থে ভক্তসকলে বন্তি প্ৰজ্বলন কৰে৷ অন্যান্য সত্ৰৰ লগতে দেওবাৰে বহৰি সত্ৰতো গোন্ধ সভা মহোৎসৱ পালন কৰা হয়৷ গোন্ধ সভা মহোৎসৱ উপলক্ষে সত্ৰৰ গায়ন বায়নে গুৰুঘাট বজাই, ঊষা কীৰ্তন কৰাৰ লগতে গুৰু বন্দনা গায়৷

ইয়াৰ পিছতে পূজাৰীয়ে পূজা-অৰ্চনাৰে গোসাঁই ধুৱায়৷ আনহাতে পুৱা সত্ৰৰ আইসকলে আৰু দুপৰীয়া, আবেলি আৰু নিশা সত্ৰৰ ভকতসকলে নৈমিত্তিক প্ৰসংগত ভাগ লয়৷ পুৱাৰে পৰাই সত্ৰৰ গায়ন বায়নৰ খোল-তালৰ শব্দ, ভকত-বৈষ্ণৱ আৰু আইসকলৰ হৰি নাম কীৰ্তনৰ ধ্বনি আৰু গুৰুচৰিত পাঠৰ সুৰত সত্ৰ চৌহদত এক আধ্যাত্মিক পৰিবেশ বিৰাজ কৰে৷

ইপিনে সত্ৰত সমবেত হাজাৰ হাজাৰ ভক্তই গুৰু জনাৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ অৰ্থে সন্ধিয়া সত্ৰৰ কীৰ্তনঘৰত বন্তি প্ৰজ্বলন কৰে৷ সূৰ্যাস্তৰ পূৰ্বেই হাতে হাতে খৰাহীত মাটিৰ চাকি, তেল, ঘী, শলিতা লৈ ভক্ত, দৰ্শনাৰ্থীৰ সোত বয় সত্ৰলৈ৷ ভক্তসকলে সত্ৰৰ কীৰ্তনঘৰ আৰু মঠৰ চোতালৰ অস্থায়ী চালিৰ তলত বন্তি প্ৰজ্বলন কৰে৷ সন্ধিয়াৰ পৰাই ৰাশি ৰাশি বন্তিৰ পোহৰত উদ্ভাসিত হৈ উঠে বহৰি সত্ৰ চৌহদ৷

গুৰুভক্তিৰ অপূৰ্ব নিদৰ্শন আৰু গুৰু সেৱাৰ পৰম্পৰাৰে ভক্তসকলে প্ৰজ্বলন কৰা সহস্ৰাধিক বন্তিৰ মায়াময় আৰু আধ্যাত্মিক পৰিবেশত ভক্তসকলে ওৰে নিশা উজাগৰে থাকি বন্তিসমূহ নিৰ্বাপিত হ’ব নোৱাৰাকৈ সূৰ্যোদয়ৰ মুহূৰ্তলৈকে জ্বলাই ৰাখে৷ উল্লেখ্য বহৰি সত্ৰৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিজন লোকৰ নামতেই গুৰুসেৱাৰ উদ্দেশ্যৰে এনেদৰে বন্তি প্ৰজ্বলনৰ পৰম্পৰা চলি আহিছে৷

বহৰিৰ হেজাৰোধিক পৰিয়ালৰ দহ সহস্ৰাধিক লোকৰ উপৰি কালি নামনি অসমৰ বিভিন্ন স্থানৰ পৰা গোন্ধ সভা মহোৎসৱৰ গুৰুসেৱাৰ উদ্দেশ্যে বন্তি প্ৰজ্বলন কৰিবলৈ অসংখ্য ভক্ত দৰ্শনাৰ্থী সত্ৰখনত সমবেত হয়৷ বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলন মুকলি কৰি প্ৰদান কৰা ভাষন প্ৰসংগত শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱ গুৰু চাৰিজনাই শিল্প, সাহিত্য, সংস্কৃতি আৰু আধ্যাত্মিকতাৰে জাতিটোক সমৃদ্ধ কৰি থৈ যোৱা বুলি ব্যক্ত কৰে৷

গুৰু চাৰিজনাৰ অৱদান আৰু তেওলোকক অবলম্বন কৰিয়েই অসমীয়া হিচাপে জাতিটোৱে বিশ্বত চিৰকাল সবলভাৱে মূৰ দাঙি ঠিয় হৈ থকাৰ শক্তি আহৰণ কৰা বুলিও উল্লেখ কৰে৷ বন্তি প্ৰজ্বলন অনুষ্ঠানত বৰপেটাৰ উপ আৰক্ষী অধীক্ষক সমীৰন বৈশ্যয়ো অংশগ্ৰহন কৰে৷ ইপিনে বিভিন্ন প্ৰান্তৰ পৰা সত্ৰত বন্তি প্ৰজ্বলনৰ বাবে উপস্থিত হোৱা ভক্তসকলৰ মাজত পৰম্পৰা অনুসৰি সিধা বিতৰন কৰা হয়৷

গোন্ধ সভা মহোৎসৱ উপলক্ষে বহৰি সত্ৰত বিভিন্ন সত্ৰীয়া কলা সংস্কৃতিৰ অনুষ্ঠান, ৰাজহুৱা নাম আৰু নাগাৰা নাম অনুষ্ঠিত হয়৷ বহৰি সত্ৰৰ উপৰি চেঙা, শুভা, হালধিবাৰী, বনিয়াকুছি, লচিমা, মৌটুপুৰী, টিহু, জাগাৰা, নপ্তিপাৰা, কৈহাটী, বঙাইগাঁও, নগৰবেৰা, চিপনচিলা, ৰামপুৰ, দৌলাশাল, গুৱাহাটী, নাৰায়নপুৰ, মাজুলী, অৰুনাচল, ক্ষেত্ৰী-বগীবাৰী আদিতো গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা বুলি সংঘৰ নৱ নিৰ্বাচিত সভাপতি কান্তেশ্বৰ কলিতাই জানিবলৈ দিছে৷ উল্লেখ্য যে আজি গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ ৰাজ্যজুৰি পালন কৰা হ’ব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।