লংকাৰ জোৰাপুখুৰীত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ শুভাৰম্ভ

 10/22/2021 - 16:11
 
 
হোজাইঃ আজি লংকাৰ জোৰাপুখুৰীত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা আঁচনিৰ শুভাৰম্ভণি কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে সমিতিৰ বিষয়ববীয়া সকলক একোখন কৈ ফুলাম গামোচা দি আদৰণি জনোৱাৰ লগতে সমিতিৰ চেয়াৰমেন ৰাজেশ চৌবেই মন্তব্য কৰে যে অহা নৱেম্বৰ মাহৰলৈকে একে পৰ্যায়ত গৰিব অন্ন বিতৰণ চলি থাকিব লগতে কয় যে চৰকাৰৰ এনে পদক্ষেপত দেশৰ দুখীয়াই বহু পৰিমানে সকাহ পাব।
 
 
এই আঁচনিৰ জৰিয়তে বুড়াগাঁও অঞ্চলৰ বহু দুখীয়া পৰিয়ালক সামৰি লোৱাৰ লগতে এই কাৰ্যসূচীৰ শুভাৰম্ভত বুড়াগাঁও সমবায় সমিতিৰ চেয়াৰমেন ৰাজেশ চৌবেসহ বুড়াগাঁও পঞ্চায়তৰ বিষয়ববীয়াসকল উপস্থিত থাকি ৰাইজৰ মাজত অন্ন বিতৰণ কৰাত সহায় কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।