বিশ্বনাথত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত খাদ্যবস্তু, অত্যাৱশ্যকীয় সামগ্ৰী, পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত সত্যাগ্ৰহ কাৰ্যসূচী

 10/22/2021 - 18:07
 
 
বিশ্বনাথঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ সত্যাগ্ৰহত নামিল বিশ্বনাথ জিলা ছাত্ৰ সন্থা। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত শুকুৰবাৰে বিশ্বনাথ জিলা ছাত্ৰ সন্থা সমিতিয়ে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। আজি বিশ্বনাথ চাৰিআলি নগৰৰ শ্বহীদ ভৱনৰ পৰা শতাধিক আছু কৰ্মীয়ে কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে‍ বিভিন্ন শ্ল’গান প্ৰদৰ্শন কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে সমদল কৰি বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰে। প্ৰতিবাদকাৰীসকলে বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতো বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান প্ৰদৰ্শন কৰি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
 
 
 
কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে দেশৰ পেট্ৰল ডিজেলৰ মূল্য আৰু অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত সকলো খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি হৈ পৰিছে। সেয়ে অতি শীঘ্ৰে চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে প্ৰতিবাদকাৰীসকলে। এই প্ৰতিবাদী কাৰ্যসূচীত বিশ্বনাথ জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও অংশগ্ৰহণ কৰে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।