ছমৰীয়া সত্ৰৰ সুদক্ষ অভিনেতা ইন্দ্ৰ কলিতাৰ দেহাৱসান

 10/22/2021 - 19:45
 
 
 
 
নিউজ ডেস্কঃ ছমৰীয়া সত্ৰৰ নিবাসী তথা ছমৰীয়া সত্ৰৰ এজন সুদক্ষ অভিনেতা ইন্দ্ৰ কলিতাৰ মৃত্যু। ১৯৯৫ চনতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত চাকৰিত যোগদান কৰি সুদীৰ্ঘ ২৪ বছৰ নিষ্ঠাৰে দায়িত্ব পালন কৰিছিল তেওঁ। ২০১৯ চনৰ ছেপ্তেম্বৰ মাহত তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হয়।কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পিছতে তেওঁৰ স্বাস্থ্য কিছু দুৰ্বল হৈ পৰাত লাহে লাহে বিদ্যালয়লৈ যাব নোৱাৰা হয় আৰু তেওঁ শয্যাগত অৱস্থাত প্ৰায় তিনিমাহ সময় বিছনাত থাকিব লগা হয়।
 
 
প্ৰাপ্ত তথ্য মতে ইন্দ্ৰ কলিতাৰ শুক্ৰবাৰে পুৱাৰ ভাগত তেওঁৰ বাসগৃহত মৃত্যু হয়।সদায় মুখত হাঁহিটোৰে জিলিকি থকা সকলোৰে মৰমৰ ইন্দ্ৰ দা হিচাপে পৰিচিত ইন্দ্ৰ কলিতাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ অগনন গুনমুগ্ধৰ লগতে ছমৰীয়া অঞ্চলবাসী ৰাইজ শোকত ম্নিয়মান হয়।জানিব পৰা মতে তেওঁ “ৰাম বিজয়”অংকীয়া নাটখনৰ অন্যতম চৰিত্ৰ ‘”পৰশুৰাম”” ৰ চৰিত্ৰত ছমৰীয়া সভা মহোৎসৱত বহুবাৰ অভিনয় কৰি দৰ্শকৰ মন মুহিত কৰিছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।