বৰপেটাৰোডৰ খৈৰাবাৰীত পাষণ্ড পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধা মাতৃৰ

 10/23/2021 - 12:12
 
 
শালবাৰীঃ বৰপেটাৰোড আৰক্ষী চকীৰ অন্তৰ্গত খৈৰাবাৰীৰ মিলন বস্তিত সংঘটিত হয় শোকাৱহ ঘটনা। নিজ পুত্ৰ উত্তম পালে মৰিয়াই মৰিয়াই হত্যা কৰে মাতৃ জোৎস্না পালক। প্ৰায় ৭০ বছৰীয়া বৃদ্ধাগৰাকীক পুত্ৰই মদ্যপান কৰি সদায় নিৰ্যাতন চলোৱা গুৰুতৰ অভিযোগ পৰিয়াল তথা স্থানীয়লোকৰ। তেনে নিৰ্যাতনৰ ফলতেই যোৱানিশা মৃত্যুমুখত পৰে বৃদ্ধাগৰাকী।
 
 
ইতিমধ্যে মাতৃক হত্যা কৰি পলাতক অৱস্থাত আছে পাষণ্ড পুত্ৰ উত্তম পাল। ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যহাত ৰাখিছে। মৃতদেহটো বৰপেটাস্থিত ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনা সংঘটিত হোৱাৰ পিছতে অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।