বৰপেটাৰোডত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

 06/03/2019 - 14:21

বৰপেটাৰোড: ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটাৰোড নগৰ মণ্ডল, গোৱৰ্ধনা ব্লক মণ্ডলৰ উদ্যোগত আৰু যুৱ মৰ্চাৰ সহযোগত দেওবাৰে বৰপেটৰোডৰ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰেক্ষাগৃহত হাইস্কুল শিক্ষান্ত আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসমূহক অভিনন্দন জনাবলৈ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷

উক্ত অনুস্থানত বিশিষ্ট অতিথি হিচাপে সৰভোগ সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাসে মাতৃভূমি, জন্মদাত্রী মাতৃ আৰু মাতৃ ভাষাক সদায় গুৰুত্ব প্ৰদান কৰিবলৈ ছাত্ৰ ছাত্ৰী সকলক অনুৰোধ জনায়৷

ইপিনে উক্ত অনুষ্ঠানত বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, জিলা আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ সিং, বৰনগৰ কলেজৰ অধ্যক্ষ ডঃ বীৰেন চক্ৰৱৰ্তী, জি এল চি কলেজৰ অধ্যক্ষ জগন্নাথ বৰ্মন, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণী শৰ্মা প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানত প্ৰায় ১৯৫ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক গামোচা, মানপত্ৰ, স্মাৰক, এখনকৈ ভাৰতবৰ্ষৰ সংবিধান, নগদ এক হেজাৰ আৰু একোটাকৈ গছ পুলি প্ৰদান কৰা হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।