শিলং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাঃ দুজনৰ মৃত্যু

 10/23/2021 - 12:28
 
 
 
বদৰপুৰঃ পথ দুৰ্ঘটনাত মৃত্যু বদৰপুৰৰ দুজন ব্যৱসায়ীৰ। বদৰপুৰ মিশন ৰোডৰ লুৎফুৰ ৰহমানৰ লৰা ৰহমানিয়া স্টোৰৰ মালিক এজাজ এহসান ৰহমানি আৰু মোহাম্মদ আশৰফ। বদৰপুৰৰ পৰা গুয়াহাটী গৈ থাকোতে শিলং বাইপাছত ট্ৰাকৰ মুখামুখি সংঘৰ্ষত মৃত্যু হয়। তেওঁৰ মৃত্যু খবৰ পাই বদৰপুৰ এলেকাত শোকৰ ছাঁ নামি আহিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।