জামুগুৰিহাটৰ ধলাইবিলত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী

 10/23/2021 - 12:55
 
 
 
 
জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিল কেন্দ্ৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে নিশা প্ৰায় ৯-৩০ মান বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা৷ বাইক আৰোহী থিতাতে নিহত হোৱাৰ লগতে দুজন যুৱক গুৰুতৰভাবে আহত হয়৷
 
 
প্ৰত্যক্ষদৰ্শীৰ মতে বিশ্বনাথ চাৰিআলি দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা নতুন গাড়ী কঢ়িওৱা এখন তীব্ৰবেগী প্ৰকাণ্ড খালী ট্ৰাকে বিপৰীত দিশৰ পৰা আহি থকা এখন বাইক মহতিয়াই নিয়াৰ ফলত বাইক চালক গহপুৰ বেদেতিৰ সঞ্জয় মুদি(২৯) থিতাতে নিহত হয়৷
 
পিচত বহি অহা দুজন বাইক আৰোহী ক্ৰমে ধলাইবিল বগাবিলৰ ৰাজীৱ মুদি(২১) আৰু উপেন মুদি(২৩)গুৰুতৰভাবে আহত হয়৷ স্থানীয়লোকে গুৰুতৰভাৱে আহত দুয়োকে ততাতয়াকৈ নি উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও অৱস্থা সংকটজনক দেখি চিকিৎসকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷
 
 
নিহত সঞ্জয় মুদি গহপুৰৰ বেদেতী নিবাসী মহেন্দ্ৰ মোদীৰ পুত্ৰ আৰু তেওঁ  ধলাইবিল অঞ্চলৰ বগাবিল গাঁৱৰ আত্মীয়ৰ ঘৰলৈ আহি AS-12-AA-7770 নম্বৰৰ নতুন KTM বাইকখন আনৰ পৰা খুজি লৈ আহত দুই যুৱকৰ সৈতে ফুৰিবলৈ ওলাই আহোতেই ধলাইবিল কেন্দ্ৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।