অভয়াপুৰী-জনীয়া-বৰপেটা হৈ আমিনগাঁও সংযোগী বিকল্প ৰাজ্যিক ঘাইপথত বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়া

 10/23/2021 - 13:03
 
 
 
 
কলগাছিয়াঃ কলগাছিয়া ৰাজহ চক্ৰৰ মাজেদি বৈ যোৱা বেকী নদীয়ে কেইমাহ মান পূৰ্বে গতিপথ সলনি কৰি কাউৰজাহী গাঁৱৰ উজনিত পশ্চিম ফালেদি ওলাই আহি কাউৰজাহী, বলাইপাথাৰ, খাৰবাল্লী, আমগুৰী, সুতিৰপাথাৰ আৰু শওপুৰ গাঁৱৰ একাংশত শ শ পৰিয়ালৰ ঘৰ-দুৱাৰ খহাই নিয়াৰ লগতে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অভয়াপুৰীৰ পৰা বৰপেটা হৈ আমিনগাঁৱলৈ যোৱা ৰাজ্যিক বিকল্প ঘাইপথত খহনীয়াৰ সৃষ্টি কৰিছে।
 
 
প্ৰশাসনে জিঅ’ বেগৰ জৰিয়তে খহনীয়াক সাময়িকভাবে প্ৰতিৰোধৰ ব্যৱস্থা হাতত লৈছে যদিও ই বিশেষ ফলপ্ৰসূ হোৱা পৰিলক্ষিত হোৱা নাই। ফলত কোটি কোটি টকাৰ ৰাজ্যিক ঘাইপথৰ লগতে চৰকাৰী আদৰ্শ বিদ্যালয়লৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে।
 
 
জনীয়া সমষ্টিৰ তিনিবাৰৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম আৰু পূৰ্বৰ দুবাৰৰ বিধায়ক বৰ্তমানৰ বৰপেটাৰ সাংসদ আব্দুল খালেক বেকী নৈৰ গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হৈছে বাবেই আজি ৰাজ্যিক ঘাইপথটোৰ প্ৰতি সৃষ্টি হৈছে ভয়ংকৰ ভাবুকি।
 
বিকল্প ঘাইপথটোৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি খহনীয়াৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰা আৰু জনীয়া সত্ৰ দুখন ৰক্ষাৰ বাবে অসম চৰকাৰে জনীয়াৰ বেকী নৈৰ গৰাখহনীয়া সমস্যা নিয়ন্ত্ৰণ আৰু সমাধান কৰাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় ৰাইজে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।