আজি টি ২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব ছুপাৰ ১২ গ্ৰুপ ১ ৰ অস্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত

 10/23/2021 - 15:27
 
 
নিউজ ডেস্কঃ টি ২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি দুখন খেল অনুষ্ঠিত হব। ইয়াৰে প্ৰথমখন খেল ছুপাৰ ১২ গ্ৰুপ ১ ৰ অস্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব। খেলখন আবুধাবি ক্ৰিকেট ষ্টেডিয়ামত বিয়লি ৩.৩০ মিনিটৰ পৰা আৰম্ভ হব। আনহাতে নিশা ৭.৩০ মিনিটত ডুবাইত একে গ্ৰুপৰে দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত। ইপিনে কাইলৈ প্ৰতিযোগিতাৰ আন এখন খেলত টীম ইণ্ডিয়া চিৰবৈৰী পাকিস্তানৰ মুখামুখি হ’ব৷ অনুশীলনমূলক কেউখন খেলতে দুৰ্দান্ত প্ৰদৰ্শন কৰা ভাৰতীয় দলটোৱে প্ৰবল আত্মবিশ্বাসেৰে অবতীৰ্ণ হ’ব৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।