কলগাছিয়াৰ তিতাপানীত ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট

 10/23/2021 - 16:11
 
 
 
কলগাছিয়াঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তিতাপানী গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি প্রচণ্ড মাৰপিট। এই মাৰপিটৰ ঘটনাক লৈ অঞ্চলব্যাপি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত অভিযোগ মতে আব্দুল ৱাজেদ আহমেদ দুবছৰ পূৰ্বে তেখেতৰ ভনী যোৱায়েক আব্দুছ ছালামৰ ঘৰ নদীয়ে ভাঙি নিয়াত মানৱতাৰ খাতিৰত ৱাজেদৰ ঘৰত আশ্ৰয় দিছিল।
 
পিছত বানপানী কমি যোৱাত ৱাজেদে যোৱায়েকক নিজৰ ঘৰলৈ যাবলৈ কোৱাত খঙত অগ্নিশৰ্মা হৈ গুণ্ডাৰূপী আব্দুছ ছালামে নিজৰ মাটি বুলি দাবী কৰাৰ লগতে আব্দুল ৱাজেদ আহমেদক মাৰপিট কৰাৰ লগতে সৰু ভনিয়েক এজনীক দা ৰে কোবাই মূৰ ফালি দিছিল। যাৰ বাবে ছালামৰ পত্নী হামিদা খাতুন জেল হাজোতলৈও যাব লগা হৈছিল।
 
ঠিক তেনেদৰে আজি ৰাতিপুৱা আব্দুল ৱাজেদ আহমেদে ঘৰৰ সন্মুখত গাড়ী ধুই থকা অৱস্থাত পিছফালৰ পৰা আব্দুছ ছালাম, হাইদৰ আলী, হামিদা খাতুন আৰু আব্দুৰ ৰেজ্জাক নামৰ ব্যক্তি কেইজনে হাতে হাতে ডেগাৰ, দা, ৰড আৰু লাঠী লৈ প্ৰচণ্ড মাৰপিট কৰাৰ লগতে মূৰত লোৰ ৰড সোমাই দি হত্যাৰ চেষ্টা কৰে। লগে লগে স্থানীয় ৰাইজে আহি আব্দুল ৱাজেদক কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। ইফালে ঘটনা সন্দৰ্ভত আব্দুল ৱাজেদ আহমেদ চাৰিওজনৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। সেয়ে ভুক্তভোগী আৰু স্থানীয় ৰাইজে ইয়াৰ তদন্ত কৰি শাস্তিৰ দাবী জনাইছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।