টীয়কত মহাপুৰুষ মাধৱদেৱৰ ৫৩১ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ সম্পন্ন

 06/03/2019 - 14:23

টীয়ক: মহাপুৰুষ মাধৱদেৱৰ ৫৩১ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ কাকজান দুলীয়াগাঁওস্থিত টীয়ক আঞ্চলিক শাখাৰ নামঘৰত অনুষ্ঠিত হয়৷ ১ জুন তাৰিখে পুৱা প্ৰাত:প্ৰসংগ, পৰিৱেশ নিকাকৰণ আৰু নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ঘনকান্ত নেওগে গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ সংঘ ,যোৰহাট জিলা শাখাৰ সংস্কৃতি শাখাৰ সভাপতি ডম্বৰু বৰুৱাই উদ্বোধন কৰা আৰু সাহিত্য শাখাৰ সভাপতি অনিল শৰ্মাই সঞ্চালনা কৰা বৰগীত আৰু বক্তৃতা প্ৰতিযোগিতা সম্পন্ন হয়৷

বক্তৃতা প্ৰতিযোগিতাত নিম্ন শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় ক্ৰমে অভিনৱ বৰুৱা, সমাদৃতা বৰুৱা আৰু আস্থা বৰুৱা আৰু দীপান্বিতা বৰুৱাই লাভ কৰে৷ উচ্চ শাখাত প্ৰথম, দ্বিতীয় আৰু যুটীয়াভাৱে তৃতীয় ক্ৰমে অৰ্পিতা বৰুৱা, নিহাৰিকা বৰা আৰু নৱজোৎস্না দোলাকাষৰীয়া, কৃষানন্দ কাশ্যপ গোস্বামীয়ে লাভ কৰে৷ বৰগীত প্ৰতিযোগিতাৰ নিম্ন শাখাত প্ৰথম, দ্বিতীয় যুটীয়াভাৱে আৰু তৃতীয় ক্ৰমে অংকিতা হাজৰিকা, উদেষ্ণা বৰুৱা, আত্ৰেয়ী দেৱী নেওগ আৰু সমাদৃতা ভূঞাই লাভ কৰে৷ উচ্চ শাখাত প্ৰথম , দ্বিতীয় আৰু তৃতীয় ক্ৰমে তৃষ্ণাজ্যোতি বৰা , মৰম তৃষ্ণা বৰুৱা আৰু পূজা বৰাই লাভ কৰে৷

২ জুন তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখাৰ সভাপতি মুকুল গগৈয়ে পতাকা উত্তোলন কৰি দ্বিতীয় দিনাৰ কাৰ্যসূচী মুকলি কৰে৷ ইয়াৰ পিছতে ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ হয়৷ বিশাল সাংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰে সকলোকে৷

শ্ৰীমন্ত শংকৰদেৱ সংঘ, যোৰহাট জিলা শাখাৰ উদ্যোগত টীয়ক আঞ্চলিকৰ আতিথ্যত আয়োজিত এই মহোৎসৱৰ দ্বিতীয় দিনা ১১ বজাত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ যুটীয়া সম্পাদক জ্ঞানাৰুণ কুমাৰ গগৈয়ে৷ নিৰ্দ্দিষ্ট বক্তা হিচাপে মন্তব্য আগবঢ়াই পদাধিকাৰ কমলাকান্ত গগৈয়ে৷ এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন পদাধিকাৰ মুখ্যেশ্বৰ শইকীয়া৷এই কাৰ্যসূচীৰ মাজতে সাংস্কৃতিক কাৰ্যসূচীও সম্পন্ন হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।