ৰঙাচকুৱাৰ কেন্দ্ৰীয় নামঘৰত দুদিনীয়া কাৰ্য্যসূচীৰে শংকৰী সংস্কৃতিৰে ভাওনা অনুষ্ঠিত

 10/23/2021 - 16:27
 
 
 
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত ৰঙাচকুৱাৰ কেন্দ্ৰীয় নামঘৰত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় নাট ভাওনা৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ ৰঙাচকুৱা শাখাৰ উদ্যোগত অনুষ্ঠিত এই ভাওনাৰ প্ৰথম নিশা অনুষ্ঠিত হয় "প্ৰহ্লাদ চৰিত্ৰ"৷ দিনটোৰ বিভিন্ন কাৰ্য্যসূচীৰ অন্তত নিশা অনুষ্ঠিত ভাওনাত অঞ্চলটোৰ সকলো শ্ৰেণী ৰাইজৰ অংশগ্ৰহণ আছিল উল্লেখনীয়৷
 
 
চৰকাৰী সকলো নীতি-নিয়ম মানি অনুষ্ঠিত কৰা এই ভাওনাৰ অন্তত শনিবাৰে অনুষ্ঠিত হ’ব সীতা হৰণ বালি বধ ভাওনা৷ সেই উদ্দেশ্যৰে শনিবাৰে দুপৰীয়া নামঘৰ প্ৰাংগনত ভকত বৈষ্ণৱসকলে নাম প্ৰসংগ অনুষ্ঠিত কৰে৷ ভাওনাৰ দ্বিতীয় দিনাৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহযোগিতা কামনা কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ শাখাৰ বিষয়া সদস্য সকলে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।