লংকাত ৰাইজৰ ৰোষত উত্তৰ প্ৰদেশৰ বেজ, বিশ হাজাৰ টকা সৰকাই নিয়াৰ অভিযোগ ভুক্তভোগীৰ

 10/23/2021 - 17:02
 
 
লংকাঃ আপুনি বেজৰ বেজালি বিশ্বাস কৰে নেকি। আপোনাৰ উন্নতিৰ পথ বিচাৰি বেজৰ কাষ চাপিছে নেকি। দুৰ্গা পূজাৰ নৱমি দিনা উত্তৰ প্ৰদেশৰ বেজ জনে লগ পাইছিল লংকাৰ বাবলু ভৌমিক নামৰ লোকজনক। বাবলুক লগ পাই বেজজনে বাবলুক সুধিছিল যে "তোমাৰ হাতত কিমান টকা আছে? আৰু সঁচা কথা কোৱা নহ’লে এই টকা নাইকীয়া হৈ যাব। আৰু যদি সঁচা কথা কলে এই টকা দুগুনলৈ বৃদ্ধি হৈ যাব। "বাবলুয়ে বেচেৰাই বেজৰ এই কথাত ভয় খাই হাতত বিশ হাজাৰ টকা আছে বুলি কয়।
 
 
বাবলুৰ হাতৰ পৰা বেজজনে বিশ হাজাৰ টকা লৈ এটা সৰু কলা ৰঙৰ শিলত মেৰিয়াই দি বিভিণ্ণ তন্ত্ৰ-মন্ত্ৰ কৰি বাবুলক কলে যে এই টকাৰ টোপোলা তিনি দিনৰ পিছত তুমি খুলি চাবা আৰু এই টকা দুগুন হৈ যাব। তিনিদিনৰ অন্তত বেচেৰা বাবলুয়ে টোপোলা খুলি দিলে মূৰে কপালে হাত। বেজে দিয়া কলা ৰঙৰ শিলৰ টুকুৰাৰ বাহিৰে নাছিল কোনো ধৰণৰ টকা। দুৰ্গা পূজা পাৰ হোৱা সপ্তাহ দিন হোৱাৰ পিছত আজি লংকা ৰে’ল ষ্টেচনৰ বাহিৰত বাবলুয়ে বেজক পুনৰ প্ৰত্যক্ষ কৰি হাতে লুটে ধৰিলে সাধু বাবাক। হুৱাদুৱা লাগিল লংকা ৰে’ল ষ্টেচনত। বাবলুৰ পৰা সমগ্ৰ ঘটনাৰ কথা বুজিব পাৰি উত্তেজিত ৰাইজে লপা থপা দিলে বেজক। ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। বৰ্তমান ৰঙা ঘৰৰ আলহী উত্তৰ প্ৰদেশৰ বেজজন।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।