লাহৰীঘাট বিদ্যুৎ উপ‌ সংমণ্ডলৰ চৰম গাফিলতি, নিমিষতে প্ৰাণ যাব পাৰে বহুজনৰ

 10/23/2021 - 18:31
 
 
লাহৰিঘাটঃ লাহৰীঘাট বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড দেখিলে আপোনাৰ চকু কপালত উঠিব। লাহৰীঘাটৰ কদমতলা চাৰিআলি দৈনিক বজাৰৰ মাজত থকা এটি বৈদ্যুতিক ট্ৰেন্সফৰ্মাই ক্ৰেতা ও বিক্ৰেতাৰ লগতে পহু ধনৰ জীৱনলৈ প্ৰাণৰ ভাবুকি কঢ়িয়াই আনিছে। উল্লেখ্য যে, ১১০০০ ভল্টেজ প্ৰাপ্ত ট্ৰেন্সফৰ্মাটো নিচেই মাটিৰ কাষত উন্মুক্ত অৱস্থাত আছে।
 
যাৰ ফলত স্থানীয়লোকে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ বিষয়টো অৱগত কৰাৰ পিছতো গা লৰা নাই একাংশ বিভাগীয় বিষয়া কৰ্মচাৰীৰ। অৱশেষত উপায়ন্তৰ হৈ স্থানীয়লোকে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ দৃষ্টিগোচৰ কৰে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।