কামপুৰত ৰাইজৰ দলৰ সম্পাদকৰ বিস্ফোৰণ, ৰাইজৰ দলত একনায়কত্ববাদ চলিছে

 10/24/2021 - 13:10
 
 
 
 
কামপুৰঃ ৰাইজৰ দলৰ পৰা সদ্যপদত্যাগী নেতা ৰুবুল দাসৰ মহাবিস্ফোৰণ। দলটোত সভাপতি অখিল গগৈৰ এক নায়কত্ববাদ চলিছে। উল্লেখ্য যে কামপুৰত সাংবাদিকৰ আগত ৰাইজৰ দলৰ ভিতৰচৰাত চলি থকা বহুগুৰুতৰ বিষয়ৰ ওপৰত চলি থকা বহু বিষয়ৰ ওপৰত বহুগুৰুতৰ অভিযোগ আনে ৰাইজৰ দলৰ সদ্যপদত্যাগী নেতা অখিলৰে সতীৰ্থ ৰুবুল দাসে।
 
ৰাইজৰ দলৰ প্ৰতিস্থাপক সাধাৰন সম্পাদক দাসে কয় যে ৰাইছৰ দলত সভাপতি অখিল গগৈৰ একনায়কত্ববাদ চলিছে। তেওঁ কয় যে যিটো দল নিৰ্বাচনী আয়োগৰ ওচৰত স্বীকৃতি পোৱা নাই; যিটো দল বৰ্তমানেও পঞ্জীয়ন হোৱা নাই সেইটো দলে বিগত সাধাৰণ নিৰ্বাচনত প্ৰতিটো সমষ্টিত কৰ পৰা লাখ লাখ টকা খৰচ কৰিলে সেই কথাই তেওঁলোকক বাৰে বাৰে খুলি খুলি খোৱা বুলি মন্তব্য কৰে ৰুবুল দাসে। ইয়াৰ প্ৰমাণ হিচাবে ৰুবুল দাসে কয় যে বিগত সাধাৰণ নিৰ্বাচনত তেওঁ ৰাইজৰ দলৰ ৰহা সমষ্টিৰ প্ৰাথী আছিল আৰু তেওঁক দলে নিৰ্বাচনী কাম কাজত খৰচ কৰাৰ বাবে ন লাখ টকা দলে যোগান ধৰিছিল। নিৰ্বাচনৰ পিছত দলৰ পৰা পুঁজি সংগ্ৰহৰ উৎস বিচৰা হৈছিল।
 
ইয়াৰ বাবেই তেওঁলোকক নিলগত ৰখা হৈছিল আৰু দলটোৰ মাজত অপ্ৰাসঙ্গিক কৰা হৈছিল। এই কাৰণতেই তেওঁলোকে দলৰ পৰা পদত্যাগ কৰা বুলি মন্তব্য কৰে। ইফালে অখিল গগৈৰ নেতৃত্বত ৰাজনৈতিকভাৱে সুৰক্ষিত নহয় অসমীয়া জাতি, দলৰ মজিয়াত গণতান্ত্ৰিক প্ৰমূল্যবোধৰ বিলুপ্তি ঘটিল বুলিও ৰুবুল দাসে মন্তব্য কৰে। তেওঁ কয় ৰাইজৰ দল ত্যাগ কৰিছোঁ একমাত্ৰ আদৰ্শগত সংঘাতৰ বাবে।
 
বিজেপিক প্ৰতিহত কৰিব পৰাকৈ বিৰোধী শক্তি একত্ৰিত হোৱাত ব্যৰ্থ হৈছিল। ৰাইজৰ দলক শক্তিশালী কৰাতকৈ অখিল গগৈয়ে বিৰোধী শক্তিকহে বিভাজন কৰাৰ চেষ্টা কৰিলে। ৰাইজৰ দলত এতিয়া সুস্থ গণতন্ত্ৰ নাই। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ নেতৃত্বত অসমীয়া জাতি একেবাৰেই সুৰক্ষিত নহয়।এই মন্তব্য ৰাইজৰ দল ত্যাগ কৰা নেতা ৰুবুল দাসৰ। অখিল গগৈৰ ৰাইজৰ দলে থাওৰা সমষ্টিত ধৈৰ্য কোঁৱৰক বলিৰ পঠা সজাইছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।