ঈদ উপলক্ষে হাউলীৰ নুনমাটিত বস্ত্ৰ বিতৰণ

 06/03/2019 - 14:28

হাউলীঃ আগন্তুক পবিত্ৰ ঈদুল ফিতৰৰ লগত সংগতি ৰাখি বৰপেটা জিলা আমছুৰ উপ সভাপতি আব্দিল জুব্বাৰ আলীৰ উদ্যোগত আৰু নুনমাটি গাঁৱৰ প্ৰাক্তন সদস্য আজিজুৰ ৰহমানৰ সহযোগত অঞ্চলটোৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলৰ মাজত বস্ত্ৰ বিতৰণ অনুষ্ঠান আজি পুৱা ৯ বজাত সমাজকৰ্মী হবিবৰ ৰহমানৰ পৌৰোহিত্যত নুনমাটি গাঁৱত অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানত নুনমাটি, জয়পুৰ, ঘিলাজাৰী আদি গাঁৱৰ দুখীয়া মহিলাসকলৰ মাজত প্ৰায় দুই শতাধিক শাড়ী কাপোৰ বিতৰণ কৰা হয়। অনুষ্ঠানত সাংবাদিকদ্বয় দিদাৰ হুছেইন, ৰফিকুল ইছলাম খান, সমাজকৰ্মী নূৰ মহম্মদ, নবিবৰ ৰহমান, ছবিবৰ ৰহমান আৰু আবুল কালাম আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আব্দুল জুব্বাৰৰ এনে প্ৰচেষ্টাত স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।