দুৰ্গা পূজাৰ পিছতে ক’ৰণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি, বিগত ২৪ ঘণ্টাত মৃত্যু ৫৬১ জন

 10/24/2021 - 14:38
 
 
 
নিউজ ডেস্কঃ দেশত ক’ৰণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যলৈ চালে দেখা যায় যে কেইবাখনো ৰাজ্যত দুৰ্গা পূজাৰ পিছত ক’ৰণাৰ সংক্ৰমণ বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত দেশত ১৫ হাজাৰ ৯০৬জন লোক ক’ৰণাত আক্ৰান্ত হৈছে।
 
মৃত্যু হৈছে ৫৬১জন লোকৰ। ক’ৰণাৰ নতুন আক্ৰান্তৰ সংখ্যাকে ধৰি এতিয়া দেশত মুঠ সংক্ৰমিত লোকৰ সংখ্যা ৩ কোটি ৪১ লাখ ৭৫ হাজাৰ ৪৬৮জন। আনহাতে, ৩ কোটি ৩৫ লাখ ৪৮ হাজাৰ ৬০৫জন লোক সুস্থ হৈ উঠিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।